AUDIO CREDITS
Producer: Birds & Breeze
Lyrics & Composition: Dr. Devajit Barman
Singer: Rupam Bhuyan
Music Arrangements, mix-mastering: Nava Kumar Das
Flute: Dhritiman Nath
Studio: Red AV
Digital Art & Animation: Dr. Devajit Barman
Lyrical Video: Blue Raaga Audio Visual
Lyrics
সপোন এটোপাল
কথা আৰু সুৰ: ডা: দেৱজিত বৰ্মন
মেঘৰ জৰায়ুত
প্ৰাণ পালে আহি
সপোন এটোপাল
নিয়ৰ সেমেকা
গধুলি গোপালৰ
সঘন সুগন্ধিত
পদুলি উমাল
সেই চেগতে দিছিলা গুজি মোৰ হাতত
এখনি ৰুমাল
মেঘৰ জৰায়ুত
প্ৰাণ পালে আহি
সপোন এটোপাল
গুচি গ'লাগৈ হঠাৎ দেখোন
চিঙি মোহাৰি বুকুৰ বাগিছা
কিনো ভাৱনাত কাৰনো বাবে
সোণ সপোন ৰঁচিছা
মেঘৰ জৰায়ুত প্ৰাণ পালে আহি
অভিমান এটোপাল
আজি আশাৰ চাঁকিটি ধিমিকি ধিমিকি
জ্বলিও নজ্বলে কেনিনো নুমাল
মোৰ হৃদয় জুৰিটি সেউজ পথাৰ বিচাৰি বালিতে শুকাল
মেঘৰ জৰায়ুত প্ৰাণ পালে আহি
চকুলো এটোপাল
মোৰ তেজৰ মদিৰাত ডুবিলে সন্ধিয়া
আন্ধাৰ হ’ল মাতাল
মই কেনি বিচাৰো অতীত সোঁৱৰণি
আকাশত লুকাল পাতাল
আজি নিজানৰ গান হৈ
অকলশৰে
সুৰতে তিয়াঁলো
তুমি দিয়া ৰুমাল
মেঘৰ জৰায়ুত মৰহি গ’ল
আজি
সপোন
এটোপাল …
(A drop of a Dream)
Lyrics & Composition: Dr. Devajit Barman
In the womb of the clouds
Came to life
A drop of a dream
The heady fragrance of Dew-soaked
Marvel of Peru
Drenched the gateway
Seizing that moment
You slipped a handkerchief into my hand
In the womb of the clouds
Came to life
A drop of a dream
You left suddenly
Tearing apart the garden of my heart
With what thoughts, for whom,
Are you weaving your golden dreams?
In the womb of the clouds
Came to life
A drop of vex
Today, the lantern of hope flickers faintly
Lit, yet unlit, where did it fade away
The cascade of my heart, longing for green fields
Dried up in a barren land of sand
In the womb of the clouds
Came to life
A drop of tears
Evening has drowned in the blood wine
Darkness grew intoxicated
Where do I search for past memories
In the sky, where the abyss has hidden
Today, I became a song of tranquillity
In solitude
Drenched the handkerchief you gave me
In melody
In the womb of the clouds
It withered
Today
A drop of a dream
(Translation by Sanjib Kalita)
コメント